বেদজ্ঞ পণ্ডিত, কবি, সাহিত্যিক প্ৰয়াত মহেন্দ্ৰ নাথ শৰ্মাৰ চমু জীৱনপঞ্জী
পিতৃ : দুনী স্মৃতিৰ লেখক প্ৰয়াত চেণীৰাম দেৱ শৰ্মা ভট্টাচাৰ্য্য
মাতৃ : স্বৰ্গীয়া প্ৰেমেশ্বৰী দেৱী
জন্ম : ১৯৫০ চনৰ ২৪ জানুৱাৰী
অৱসৰ : ২০১৫ চনৰ ২৮ ফেব্ৰুৱাৰী
মৃত্যু : ২০২৪ চনৰ ২৬ জানুৱাৰী
শিক্ষা : দুনী উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া জীৱন
অতিবাহিত হয় ৷ ইং ১৯৭৪ চনত প্ৰাগজ্যোতিষ সংস্কৃত বিদ্যাপীঠৰ পৰা ব্যাকৰণ শাস্ত্ৰী
উপাধি লাভ কৰে ৷ ইং ১৯৭৬ চনত কাব্য শাস্ত্ৰী উপাধি লাভ কৰে ৷ ইং ১৯৮০ চনত অসম
চৰকাৰী সংস্কৃত মহাবিদ্যালয় (বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ মহাবিদ্যালয়)ৰ পৰা স্নাতক
ডিগ্ৰী লাভ কৰে ৷
কৰ্মক্ষেত্ৰ : বৰমপুৰ হাইস্কুলত শিক্ষকতা জীৱনৰ পাতনি মেলে
তাৰপিছত ব্যাসপাৰাৰ সেৱক হাইস্কুলত
আৰু শেহত ১৯৮৩ চনৰ পৰা ২০১৫ চনলৈ সুদিৰ্ঘ ৩২ বছৰ কাল বুঢ়া হাইস্কুল (বৰ্তমান বুঢ়া
লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ)ত কাম কৰাৰ পিছত চাকৰি জীৱনৰ পৰা অৱসৰ লয়৷
বিবাহ : নামখলাৰ পানাৰা গাৱৰ স্বৰ্গীয় থানেশ্বৰ শৰ্মা আৰু স্বৰ্গীয়া লাৱণ্য দেৱীৰ কণিষ্ঠা কন্যা শ্ৰী প্ৰীতিলতা দেৱীৰ সৈতে ১৯৮৪ চনৰ ১১
মেত বিবাহ ৷
ৰাজহুৱা
কৰ্ম জীৱন: দুনী পদ্মাথান দেৱালয় পৰিচালনা সমিতিৰ প্রাক্তন
সভাপতি, দুনী পদ্মাথান দৌল
উৎসৱ পৰিচালনা সমিতিৰ প্রাক্তন সভাপতি ৷ দুনী পঞ্চায়ত জ্ঞান বিজ্ঞান সমিতিৰ প্রাক্তন সভাপতি,
দুনী শাখা সাহিত্য সভাৰ প্রাক্তন সভাপতি, দুনী আঞ্চলিক দুর্গোৎসৱ সমিতিৰ প্রাক্তন সভাপতি, দুনী আঞ্চলিক কালী পূজা সমিতিৰ প্রাক্তন কার্যকৰী
সভাপতি, দুনী পদ্মাদেবী প্রাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ
প্রাক্তন সভাপতি, দৰং-ওডালগুৰি জিলা ব্রাহ্মণ সভাৰ পুৰোহিত
শাখাৰ প্ৰাক্তন সভাপতি, দুনী পাৰিজাতী মন্দিৰ পৰিচালনা
সমিতিৰ প্রাক্তন সভাপতি, দুনী আঞ্চলিক বাসন্তী পূজা সমিতিৰ
প্ৰাক্তন সভাপতি, দুনী কৃষ্টি সংঘৰ প্রাক্তন উপসভাপতি,
দুনী উচ্চতৰ
মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি, দুনী শাখা লেখিকা
সমাৰোহৰ উপদেষ্টা... ইত্যাদি
সাহিত্য (সৃষ্টিকৰ্মৰ সবিশেষ) : প্ৰয়াত মহেন্দ্র নাথ শর্মা শাস্ত্রী দেৱ এগৰাকী নিষ্ঠাবান কবি, সাহিত্যিক।
এখেতৰ প্রকাশিত পুথি :
- হৰগৌৰী মিলন ( ১৯৯০)
- কোকিল (১৯৭৫)
- অকাই পকাই দীঘলা ককাই (১৯৯৭)
- অকনিৰ অ-আ ক-খ (১৯৯৭)
- আপদ উদ্ধাৰ বা শিৱ নাম মাহাত্ম্য (২০১৭)
- তৃমঞ্জিমা (২০২৩)
- আশুতোষ ভোলা মহেশ্বৰ (২০০৫)
পান্দুলিপি
অৱস্থাত থকা পুথি:
- অলকাৰ প্ৰিয়া (১৯৭৬)
- বিয়াৰ প্ৰকৃত বয়স
- কলকলিৰ দুই পাৰ
- কাব্যকুঞ্জ (কবিতা পুথি)
আৰু
কেবাখনো কবিতা পুথি আৰু দুখন উপন্যাস
বিশেষ
নাটিকা:
- অসমী
- বব্ৰুবাহন
- চিত্ৰাঙ্গদা
- তাহমিনা
- কুবেৰৰ অভিশাপ
- বিক্ৰমোৱৰ্শী
- ছোহৰাব ৰুস্তম
- বৃত্তাসুৰ বধ
- উৰ্বশী মিলন আদি
বিশেষ
একাংকিকা নাট:
- সপোন সপোন লাগে
- নৰকঙ্কাল
- ভালপাওঁ সদায়ে তোমাক
- প্ৰত্যাসা
- বলৎকাৰ
- অস্তাচলৰ সূ্ৰ্য্য
পুৰষ্কাৰ/বঁটা :
২০০৯
বর্ষত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা একাঙ্ক নাট প্রতিযোগিতাত শ্রেষ্ঠ নাট্যকাৰৰ
পুৰস্কাৰ লাভ কৰিবলৈ সমর্থ হোৱা এখেতৰ এখনি প্রশংসনীয় একাঙ্কিকা নাট হৈছে- অস্তাচলৰ
সূর্য। এই নাটখনিয়ে ২০১০ বর্ষত দিল্লীত অনুষ্ঠিত হোৱা একাঙ্কিকা নাট প্রতিযোগিতাতো
সর্বশ্রেষ্ঠ নাট হিচাপে পুৰস্কৃত হৈছে । ১৯৯৭ চনত দাৰ্জিলিংত হোৱা সাক্ষৰতা অভিজানত “বিয়াৰ
প্ৰকৃত বয়স” ৰ বাবে শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ ২০১০ বৰ্ষত অসম সাহিত্য
সভাৰ আজীৱন সদস্য,
২০১৫ বৰ্ষত জ্ঞান বিজ্ঞান সমিতি অসমৰ আজীৱন সদস্য , ছায়া প্ৰকাশনৰ ২০১৭ বৰ্ষত ছায়া বটা, ২০০১ বৰ্ষত দৰং প্ৰবীণ এথলেটিক্স প্রতিযোগিতাত ১০০
মিটাৰ দৌৰত প্ৰথম স্থান, ২০০ মিটাৰ দৌৰত তৃতীয় স্থান,
শ্বট পুটত ২য় স্থান লাভ কৰিছিল ৷ ১৯৯৬ চনত ৰাজ্যিক ভিত্তিত অনুস্থিত
হোৱা ব্ৰীজ খেলত প্ৰথম স্থান, ১৯৭৬ চনত নৱগ্ৰহত ৰাজ্যিক
ভিত্তিত অনুস্থিত হোৱা ডবা খেলত প্ৰথম স্থান ইত্যাদি উল্লেখযোগ্য ৷ ইয়াৰ উপৰি যথেষ্ট
সংখ্যক নথি-পত্ৰ উই পৰুৱায় কুটি পেলোৱাৰ বাবে সন্নিবিষ্ট কৰিব পৰা নগল ৷

Comments
Post a Comment